পৃথিৱীৰ গতি

Lesson 3


পৃথিৱীৰ গতি





 অনুশীলনী:


(১) তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-


ক) পৃথিবীৰ মেৰুদগুডাল কক্ষতলৰ লগত কিমান ডিগ্রী কোণ কৰি আছে?


উত্তৰ: পৃথিবীৰ মেৰুদগুডাল কক্ষতলৰ লগত 66½°  ডিগ্রী কোণ কৰি আছে  


(খ) পৃথিবীয়ে নিজ কক্ষপথত সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ কিমান সময় লাগে?


উত্তৰ: পৃথিবীয়ে নিজ কক্ষপথত সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ 365 দিন 6 ঘন্টা বা  365 1⁄4 সময় লাগে

(গ) পোহৰ বৃত্ত কাক বোলা হয়?


উত্তৰ: পৃথিবীয়ে আহ্নিক গতিৰে পশ্চিমৰ পৰা পূৱলৈ ঘূৰি থাকোতে পৃথিবীৰ য়িটো অংশ সূৰ্য়ৰ মুখা - মূখী হয় তাত সূৰ্য়ৰ পোহৰ পৰে আৰু বিপৰীত ফালে পোহৰ নপৰে ।পৃথিবীখনত পোহৰ পৰা আৰু নপৰা অংশ দুটাক এটা কাল্পনিক বৃত্তই  দুভাগ কৰিছে । এই বৃত্তটোক পোহৰ বৃত্ত বোলে ।


(ঘ) বছৰৰ কোন কোন তাৰিখত বিষুব ৰেখাৰ ওপৰত সূর্যৰ ৰশ্মি হেলনীয়াভাৱে পৰে?


উত্তৰ: 21 জুন আৰু 22 ডিচেম্বৰ  তাৰিখত বিষুব ৰেখাৰ ওপৰত সূর্যৰ ৰশ্মি হেলনীয়াভাৱে পৰে।

                                

(২) তলৰ প্ৰশ্নবোৰৰ চমু উত্তৰ দিয়া-


(ক) আহ্নিক গতি আৰু বার্ষিক গতি বুলিলে কি বুজা?

 

উত্তৰ: পৃথিবীয়ে নিজ মেৰুদণ্ডৰ ওপৰত ঘূৰা গতিকে আহ্নিক গতি বোলে। আনহাতে, পৃথিবীয়ে নিজ কক্ষপথেৰে  সূর্যৰ চাৰিওফালে  ঘূৰা গতিকে বার্ষিক গতি বোলে।


(খ) আহ্নিক গতিৰ ফলত পৃথিৱীত দিন-ৰাতি কেনেকৈ হয় বুজাই লিখা।


উত্তৰ: পৃথিবীয়ে  সূর্যৰ পৰাহে পোহৰ পায় আৰু এই পোহৰ পৃথিবী  ঘূৰণীয়া হোৱাৰ বাবে ইয়াৰ আধা অংশতহে পৰে। য়িটো অংশত সূৰ্য় পোহৰ পৰে সেইটো অংশ দিন হয় আৰু  পোহৰ নপৰা   অংশত ৰাতি হয়। আকৌ দিন হোৱা অংশটো ৰাতি হয় আৰু ৰাতি হোৱা অংশটো দিন হয়। গতিকে, এই দিন-ৰালি হোৱাটো সম্ভৱ  হয় একমাত্র  আহ্নিক গতিৰ ফলত অর্থাৎ নিজ মেৰুদণ্ডৰ  উপৰত ঘূৰাৰ  ফলত।


(গ) অধিবর্ষ বুলিলে কি বুজা?

উত্তৰ: পৃথিবীয়ে সূর্যৰ চাৰিওফালে পৰিভ্ৰৰমন কৰোতে 365  দিন 6 ঘন্টা সময় লাগে । এই 6 ঘন্টা সময়খিনি 4 বছৰত লগলাগি 24 ঘন্টা বা এদিন হয় ।  গতিকে সময়ৰ গণনা সঠিক ৰাখিবলৈ প্ৰতি 4 বছৰৰ মূৰে মূৰে ফেব্ৰুৱাৰী মাহটোত এদিন বঢ়াই দিয়া হয় ( 28 দিনৰ পৰিৰ্ৱতে 29 দিন ধৰা হয়)। এনেদৰে যিটো বছৰৰ ফেব্ৰুৱাৰী মাহটোত এদিন বঢ়ই দিযা হয় সেই বছৰটোক অধিবৰ্ষ বোলে  


(ঘ) কর্কট সংক্রান্তি আৰু মকৰ সংক্ৰান্তিৰ পাৰ্থক্য বুজাই লিখা।


(ঙ) পৃথিৱীৰ বাৰ্ষিক গতি নথকাহেঁতেন ধৰাপৃষ্ঠত কেনেধৰণৰ পৰিৱেশ বিৰাজ কৰিলেহেঁতেন বুজাই লিখা।


(চ) পৃথিৱীৰ কক্ষপথ বুলিলে কি বুজা? কক্ষপথৰ এটা চিত্র আঁকি দেখুওৱা।





FUTURE FOCUS

My name is Ariful Islam from Assam, kalaigaon, dist Udalguri.

1 Comments

Previous Post Next Post